ধুবুৰী ১১ ছেপ্টেম্বৰঃ ধুবুৰীৰ পৰা চুৰি হোৱা মটৰ চাইকেলসহ উত্তৰ প্ৰদেশৰ বনবিভাগৰ লোক বুলি  দাৱী কৰা এজন প্ৰৱঞ্চকক আৰু অইন দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱানিশা ধুবুৰীস্থ ডিএফঅ’ৰ চৰকাৰী বাসগৃহৰ সন্মুখৰ ৰাজপথত উত্তৰ প্ৰদেশৰ বনবিভাগৰ চৰকাৰী সাজপোছাক পিন্ধি ঘুৰাফুৰা কৰি থকা দেখি আৰক্ষীৰ টহলদাৰী দল এটাই সন্দেহবশতঃ ব্যক্তিজনক আৰু তেখেতৰ ল’গত থকা অইন দুজন লোককো ধুবুৰী সদৰ থানালৈ নিয়ে। আৰক্ষীৰ জেৰাত, প্ৰথমাৱস্থাত এখন ভুৱা পৰিচয় পত্ৰ দেখুৱাই নিজকে উত্তৰ প্ৰদেশৰ বনবিভাগৰ লোক বুলি পৰিচয় দিলেও সেই ব্যক্তিজন দৰাচলতে এজন প্ৰৱঞ্চক বুলি ওলাই পৰে। উত্তৰ প্ৰদেশৰ বদায়ু জিলাৰ বাসিন্দা আজৱ সিং নামৰ ধৃত সেই ব্যক্তিজন উত্তৰ প্ৰদেশত কিবা অপৰাধ সংঘটিত কৰি অসমলৈ পলাই অহা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। বিষয়টোলৈ ধুবুৰী আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ পিছত যুৱকজনৰ বিৰূদ্ধে ৰাজ্যখনৰ উজ্জ্বয়িনী থানাত এটা গোছৰো ৰুজু হৈ থকা বুলি পোহৰলৈ অহা বুলি প্ৰকাশ । ইপিনে ধৃত সিঙৰ মোবাইলৰ তথ্যৰ পৰা যুৱকজনক নকল মাৰ্কশ্বিট আদি প্ৰস্তুত কৰাৰ কোনো চক্ৰৰ সৈতে জড়িত হৈ থকাৰ উপৰিও উত্তৰ প্ৰদেশৰ বন বিভাগত চাকৰী দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহৰ ঘটনাতো জড়িত থকা বুলিও সন্দেহ কৰিছে আছে আৰক্ষীয়ে। হিন্দীত কথাবতৰা পাতিলেও যুৱকজনৰ মাতৃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰু মাতৃয়ে বিবাহ পাশত আৱদ্ধ হোৱা উত্তৰ প্ৰদেশৰ এজন লোকে আজৱ সিংক ডাঙৰ দীঘল কৰিছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ইপিনে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা এখন চুৰি কৰা মটৰ চাইকেলেৰে প্ৰৱঞ্চজন ধুবুৰীলৈ অহা বুলিও পোহৰলৈ আহিছে। আনহাতে আজৱ সিংৰ সৈতে কৰায়ত্ব কৰা অইন যুৱকদ্বয় চুৰি কৰা সেই মটৰ চাইকেলখন তেওঁলোকৰ বুলি দাৱী কৰিলেও সেয়া প্ৰমাণ কৰাৰ বাবে উপযুক্ত নথীপত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰা হেতুকে তেওঁলোককো আৰক্ষীয়ে শোধপোচ কৰি থকা বুলিয়েই প্ৰকাশ। আগলৈ গৈ উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত ধৃত আজৱ সিংৰ সম্পূৰ্ণ পৃষ্ঠপট পোহৰলৈ আহিব বুলি আৰক্ষীয়ে আশা কৰিছে। সিংৰ পৰা উত্তৰ প্ৰদেশৰ ভূয়া পৰিচয় পত্ৰৰ উপৰিও নেপালৰ কিছু মুদ্ৰাও উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে।