বৰপেটা,১২ চেপ্টেম্বৰঃ বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চিপিআইএম দলৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত চৰ-চাপৰিৰ এখন ৰাজ্যিক গণ-অভিবৰ্তন অনুষ্ঠিত হৈ যায়। কমৰেড ইচফাকুৰ ৰহমান,কমৰেড নাছিৰুদ্দিন,কমৰেড ছফিউৰ ৰহমান,কমৰেড ছোহৰাব আহমেদ,কমৰেড মফিদা বেগম আদিৰে গঠিত সভাপতি মণ্ডলীয়ে গণ অভিবৰ্তন খন পৰিচালনা কৰে। উক্ত গণ-অভিবৰ্তনত চেঙা, বাঘবৰ, ভাসানীৰ চৰ,বহৰি,জনিয়া আদি অসমৰ বিভিন্ন প্ৰান্তৰ চৰ-চাপৰিৰ প্ৰতিনিধি সকলে স্হানীয় সমস্যাৰ ওপৰত বক্তব্য প্ৰদান কৰে। উক্ত গণ-অভিবৰ্তনত চৰ-চাপৰিৰ মাটি জৰীপ কৰি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা,চৰাঞ্চলত পৰ্য্যাপ্ত বেংকৰ শাখা মুকলি কৰা,বানপানী গৰাখহনীয়া সমস্যাৰ স্হায়ী সমাধানৰ ব্যৱস্থা কৰা,কৃষক সকলক বিনামূলীয়া উন্নত মানৰ কৃষি বীজ,সাৰ আদিৰ যোগান ধৰা আদি সমস্যাকলৈ চিপিআইএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে খচৰা প্ৰস্তাৱ উত্থাপন কৰে। উক্ত খচৰা প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ অন্তত সম্পাদকে সংশোধন আৰু সংযোজন সম্পৰ্কে বিতংকৈ আলোচনা আগবঢ়ায়। উক্ত গণ-অভিবৰ্তনত বাওঁপন্থী দলটোৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ কমৰেড উদ্বৱ বৰ্মন,প্ৰাক্তন বিধায়ক হেমেন দাস,সৰভোগ সমষ্টিৰ বৰ্তমানৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান,বিশিষ্ট সাহিত্যিক ভূপেন শৰ্মা, বিশিষ্ট লেখক অনন্ত কলিতা,নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি ড০ অহিজুদ্দিন শ্বেখ আদি উপস্থিত থাকি চৰকাৰৰ বৈষম্য মূলক নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে ঐক্যবদ্ধ সংগ্ৰাম অবিহনে মেহনতী জনতাৰ বিকল্প পথ নাই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। গণ-অভিবৰ্তন খনত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক চৰ-চাপৰিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।অনুষ্ঠানটিত স্হানীয় বাওঁপন্থী নেতা কমৰেড তফিজ উদ্দিনে প্ৰতিনিধি সকলক উস্ম আদৰণি জনাই বক্তব্য আগবঢ়ায়। উল্লেখ্য যে, এই অভিবৰ্তনত কেইবাগৰাকীও জ্যেষ্ঠ দলীয় নেতাই অংশগ্রহণ কৰে। অভিবৰ্তনত ভাষণ দি প্রাক্তন বিধায়ক হেমেন দাসে চৰ-চাপৰিত বসবাস কৰা সংখ্যালঘু লোকসকলক মাটিৰ অধিকাৰ দিয়াৰ দাবীত সৰৱ হৈ পৰে। চি পি আই (এম)ৰ বাহিৰে কোনো এটা ৰাজনৈতিক দলে চৰ-চাপৰিত | বসবাস কৰা সখ্যালঘু লোকক মাটিৰ অধিকাৰ দিয়াৰ দাবী উত্থাপন নকৰিলে বুলি ভাষণত চি পি আই (এম) নেতাগৰাকীয়ে উল্লেখ কৰে। আন এগৰাকী জ্যেষ্ঠ চি পি আই (এম) নেতা উত্তর বর্মনে কয় যে এ আই ইউ ডি এফৰ বিৰুদ্ধে সংখ্যালঘূ জনসাধাৰণৰ মাজত এতিয়াও ক্ষোভ পঞ্জীভূত হৈ আছে। গণতন্ত্র আৰু সংবিধান ৰক্ষা কৰিবলৈ বিজেপিক শাসনৰ পৰা আঁতৰাব লাগিব বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে চি পি আই(এম) নেতাগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত জ্যেষ্ঠ চি পি আই(এম) নেতা তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিবলৈ উল্লসিত হৈ থকাৰ সময়তো চৰ-চাপৰিৰ জনসাধাৰণৰ ৰাজনৈতিক আৰু সামাজিক সমস্যাৰ প্ৰতি কোনো এখন চৰকাৰে মনোযোগ দিয়া পৰিলক্ষিত নহ’ল বুলি মতপোষন কৰে।