হাটশিঙীমাৰী, ১২ চেপ্তেম্বৰঃ- দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত লাউখোৱা গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে লাউখোৱা গাঁৱৰ আবু তালেব দেওৱানীৰ পুত্ৰ আশ্ৰাফুল ইছলামৰ লগত যোৱা এবছৰ পূৰ্বে দক্ষিণ শালমাৰাৰ বালাডোবা গাঁৱৰ আন্না খাতুনৰ লগত বিবাহ সম্পন্ন হৈছিল৷ বিবাহৰ ছমাহৰ পিছৰ পৰা বোৱাৰী জনীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আছিল বুলি মৃত বোৱাৰী গৰাকীৰ আত্মীয়ই জানিবলৈ দিয়ে৷ মৃতকৰ স্বামী আশ্ৰাফুল ইছলামে যোৱাৰাতি আনুমানিক ১১ টা মান বজাত বোৱাৰীজনীক নিজে হত্যা কৰি আত্মহত্যা কৰা বুলি ফোনযোগে বোৱাৰী গৰাকীৰ পিতৃৰ ঘৰত জনায়৷ মৃত বোৱাৰী গৰাকীৰ আত্মীয়ই সাংবাদিকক জানিবলৈ দিয়া মতে দীৰ্ঘ দিনৰ পৰা আশ্ৰাফুল ইছলামৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে বোৱাৰী গৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আছিল৷ সেয়ে মৃতকৰ স্বামীয়ে যোৱাৰাতি নিজে বোৱাৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপিত হৈছে৷ উক্ত ঘটনা সংক্ৰান্তত আজি ৰাতিপুৱা দক্ষিণ শালমাৰা আৰক্ষীৰ লগতে দক্ষিণ শালমাৰাৰ চক্ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব আচল ৰহস্যৰ এয়া হত্যা নে আত্মহত্যা ? ইতিমধ্যে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু মৃত বোৱাৰী গৰাকীৰ স্বামী আশ্ৰাফুল ইছলামক সোধপোছৰ বাবে দক্ষিণ শালমাৰা থানাত আবদ্ধ কৰি ৰাখিছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুপৰ্ণ বনিয়াই জানিবলৈ দিয়ে৷

Home অসম আৰু উত্তৰপূব দক্ষিণ শালমাৰাত বোৱাৰী হত্যাৰ ঘটনা, স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা