গুৱাহাটী,১৫ ছেপ্তেম্বৰঃ জনজাতিকৰণৰ পৰা পুনৰ বঞ্চিত কৰাকলৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে। তেওঁ কয় যে চৰকাৰে কোচ ৰাজবংশীক অৱহেলা কৰি আহিছে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ইচ্ছা নাই চৰকাৰৰ। নিৰ্বাচন আহিলেই আলোচনা কৰে আৰু নিৰ্বাচন গলেই খবৰ নাথাকে। নিৰ্বাচনৰ পূৰ্বে দল সংগঠনক মাতি নি প্ৰলোভন দিয়ে চৰকাৰে। তেওঁ কয় যে ৰাজ্যসভাত বিধেয়ক উত্থাপন হৈছে, গতিকে এতিয়া জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ অনুমতি প্ৰয়োজন নাই। মন্ত্রী ডাঃ ৰণোজ পেগুৰ মন্তব্যক তেওঁ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ লগতে কয় যে এইবাৰ জাতিৰ আৱেগত ভোট দিম, ধৰ্মীয় আৱেগত ভোট নিদিওঁ। হিন্দু বাবে আগতে ধৰ্মীয় আৱেগত বিজেপিক ভোট দিছিলো। উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ লগত থাকিম, কিন্তু প্রয়োজন হ’লে সকলো ত্যাগ কৰিম। জনজাতিকৰণৰ বিষয়ত আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে জাতিৰ বাবে সকলো কৰিম। জনজাতিকৰণৰ দাবীত পুনৰ বৃহৎ আন্দোলন গঢ়ি তোলাৰ কথা সদৰি কৰি তেওঁ কয় যে নৱেম্বৰ মাহত শ্ৰীৰামপুৰৰ লগতে নাজিৰা, শিমলুগুৰি আৰু ধেমাজিত ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। আনহাতে দিল্লীৰ যন্ত্ৰ-মন্ত্ৰৰতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি তেওঁ কয়। অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। প্ৰয়োজন হ’লে তেওঁ সদৌ অসম কোচ ৰাজবংশী কাউঞ্চিলৰ পৰা পদত্যাগ কৰাতকৈয়ো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে। সংবাদমেলত সন্মিলনীৰ কেইবাজনো বিষযববীয়া উপস্থিত আছিল।
