গুৱাহাটী,১৫ ছেপ্তেম্বৰঃ তামিলনাডুত থকা অসমৰ জয়মালা বলৱান, স্বাস্থ্যৱান আৰু উদ্যমী হৈ আছে। টুইট যোগে এই কথা জনাইছে কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে। জয়মালাক লৈ অসম আৰু তামিলনাডু চৰকাৰৰ মাজত সৃষ্টি হোৱা সংঘাতৰ অৱসান ঘটাবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ। কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে টুইটযোগে ঘোষণা কৰি জনাইছে যে জয়মালা বলৱান,স্বাস্থ্যৱান আৰু উদ্যমী হৈ আছে। বৰ্তমাৰ দলটোৱে হাতীজনীৰ ভাল যত্ন লৈ আছে।জয়মালা এতিয়া সকলো প্ৰকাৰে সুস্থ আৰু সৱল। হাতী জয়মালাক ভালদৰে চোৱাচিতা কৰা হৈছে। উল্লেখ যে জয়মালাক ঘূৰাই আনিবলৈ অসম চৰকাৰে চাৰিজনীয়া এটা দল তামিলনাডুলৈ প্ৰেৰণ কৰিছিল যদিও অসমৰ দলটোৱে জয়মালাক সাক্ষাত কৰাৰ অনুমতি লাভ নকৰিলে। আন্তৰ্জাতিকভাৱে প্ৰশংসিত হাতী চিকিৎসক পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মাকে ধৰি বিশেষজ্ঞৰ এটা দলে তামিলনাডুৰ মন্দিৰত জয়মালা আৰু অসমৰ আন আঠটা হাতীক ঘূৰাই আনিবলৈ চেন্নাইলৈ গৈছিল। অসমৰ দলটোক জয়মালা আৰু আন হাতীবোৰ পৰীক্ষা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। আনকি চাবলৈয়ে দিয় হোৱা নাই। তামিলনাডুৰ এটা মন্দিৰত থকা জয়মালাক অসমলৈ ঘূৰাই আনিবলৈ এতিয়া আইনৰ কাষ চাপিছে অসম চৰকাৰ। তামিলনাডুৰ বিষ্ণু মন্দিৰত থকা জয়মালা নামৰ অসমৰ হাতীটোক ঘূৰাই আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে অসম চৰকাৰে।
