গুৱাহাটী,১৭ ছেপ্টেম্বৰঃ আই আই টি গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। চিপ লৈ আত্মহত্যা কৰে শিক্ষাৰ্থী সূৰ্য নাৰায়ণ প্ৰেম কিশোৰে। প্ৰতিষ্ঠানটোৰ বি টেকৰ ডিজাইনিঙৰ শিক্ষাৰ্থী আছিল সূৰ্য নাৰায়ণ। শিক্ষাৰ্থীজন আই আই টিৰ উমিয়াম হোষ্টেলৰ আবাসী আছিল বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত নিশাই আমিনগাঁও থানাৰ আৰক্ষী উপস্থিত হয় হোষ্টেল খনত।তথ্য অনুসৰি শিক্ষাৰ্থীজনৰ বাসগৃহ কেৰেলাত।