গুৱাহাটী,১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ উদ্যোগ খণ্ডৰ বাবে এটি বিশেষ দিন। অসম চৰকাৰে আজি সূক্ষ্ম, লঘু আৰু মধ্যম উদ্যোগ খণ্ডৰ দ্ৰুত ঔদ্যোগীকৰণ আৰু পুনৰ্গঠনৰ বাবে দুটাকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। সূক্ষ্ম আৰু লঘু উদ্যোগৰ বিত্তীয় প্ৰৱেশাধিকাৰ সহজ কৰিবলৈ অসম ক্ৰেডিট নিশ্চিতি আঁচনিৰ বাবে অসম চৰকাৰে ক্ৰেডিট গ্যেৰাণ্টী ফাণ্ড ট্ৰাষ্ট ফৰ মাইক্ৰ’ এণ্ড স্মল এণ্টাৰপ্ৰাইজ আৰু অসম ষ্টার্টআপ ভেঞ্চাৰ ফাণ্ডৰ বাবে ছিডবি ভেঞ্চাৰ কেপিটেল লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ছিডবি ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ২০০ কোটি টকা। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ১০০ কোটি টকা, ছিডবিয়ে ৫০ কোটি টকা আৰু অন্যান্যসকলে ৫০ কোটি টকা আগবঢ়াব। তদুপৰি আজি আনুষ্ঠানিকভাৱে অসম লজিষ্টিকছ আৰু ৱেৰ হাউছিং পলিচী ২০২২ মুকলি কৰা হয়। এই নীতি হৈছে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰি অসমক আঞ্চলিক লজিষ্টিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ এক পদক্ষেপ। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, মন্ত্রী বিমল বড়া, ছিডবিৰ মুখ্য পৰিচালন সঞ্চালক এছ ৰমন আৰু অন্যান্য ব্যক্তিসকল উপস্থিত আছিল।
