মানিকপুৰ, ২৪ছেপ্তেম্বৰঃ বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৱ গোসাইগাঁৱৰ গৃহৰক্ষী জোৱান কিতাব আলী ডাঙাইগাঁৱত ছিপ লৈ আত্মহত্যা কৰে। অন্য দিনাৰ দৰে যোৱাকালি সন্ধিয়া কৰ্মস্থলী ঢালিগাঁৱলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাই আহে। আৰু কৰ্মস্থলীত উপস্থিত হয় যদিও গা বেয়া বুলি কৈ সেই স্থানৰ পৰা উভতি আহে। পৰৱৰ্তী সময়ত কৰ্মস্থলীৰ পৰা ঘৰলৈ ফোন যোগে অৱগত কৰাৰ পিছত ঘৰত হুৱা দুৱা লাগে আৰু চাৰিও ফালে বিচাৰি নোপোৱাত আজি ৰাতিপুৱা সাত মান বজাত কিতাপ আলীয়ে আত্মীয় ফোন কৰি আত্ম হত্যা কৰিব বুলি কোৱাত চাৰিওফালে খবৰ বিয়পি পৰে। মৃত্যুৰ কাৰণ পাৰিবাৰিক সমস্যাৰ বাবে হোৱা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মৃত্যুৰ সময়ত এটা ল’ৰা আৰু পত্নীসহ দুজনী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়। ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ মৰোনত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।
