গৌৰীপুৰ, ২৭ ছেপ্তেম্বৰঃ সমাগত শাৰদীয় দুৰ্গা পূজা। দুৰ্গা পূজাৰ প্ৰাকক্ষণত একাংশ লোকে ঘৰ বনোৱা সামগ্ৰী ইটা,বালি,শীল বেআইনী ভাৱে পথৰ ওপৰত সিঁচৰতি কৰি ৰখাৰ বাবে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে।ৰাইজৰ এনে ভুলৰ বাবে যাতে দুৰ্ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি লোক নিৰ্মাণ বিভাগৰ গৌৰীপুৰ ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ তৰফৰ পৰা আজি সজাগতামুলক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়।তিনি দিনৰ ভিতৰত গৌৰীপুৰ চহৰৰ বিভিন্ন অঞ্চলত পথৰ ওপৰত সিঁচৰতি হৈ থকা সামগ্ৰীবোৰ আঁতৰাবলৈ ৰাইজক মাইক যোগে জাননী দিছে বিভাগে।বিভাগৰ এই ঘোষনাৰ পাছত যিসকলে এই ধৰণৰ সামগ্ৰীবোৰ সিঁচৰতি কৰি ৰাখিছে সেইবোৰ আঁতৰাই গৌৰীপুৰ অঞ্চলত সাম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ গৌৰীপুৰ ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বনজিত অধিকাৰীয়ে ৰাইজক অনুৰোধ জনাইছে।