তামাৰহাট, ১ অক্টোবৰ তামাৰহাটৰ কেৰেপপুৰত আজি চোৰাং গৰু সৰবৰাহকাৰীৰ মৃতদেহ উদ্ধাৰ হয় পুখুৰীত ।শুক্ৰবাৰে পুৱতি নিশা আৰক্ষীৰ বাহন আৰু চোৰাং গৰু কঢ়িওৱা বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাত চাৰি চকীয়া বিলাসী বাহনৰ চালক তথা মালিক পলাই গৈ ওচৰতে থকা এটা পুখুৰীত জাঁপ মাৰি দিয়ে। উক্ত চাৰি চকীয়া বাহনৰ পৰা ৪ টা গৰু উদ্ধাৰ কৰে আৰক্ষী। ইয়াৰ লগত থকা আনজন চুলতান শ্বেখক আৰক্ষী গ্ৰেপ্তাৰ কৰে। ধুবুৰী কোকৰাঝাৰ জিলা সীমান্তৱৰ্তী গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন দাসৰ নেতৃত্বত গ্ৰাহামপুৰ আৰক্ষী অভিযান চলোৱা সময়ত পলাবলৈ চেষ্টা কৰোতে এই ঘটনা সংঘটিত হয়। গৰু সৰবৰাহ কৰা AS01AG-4439 নম্বৰৰ গাড়ীখন আৰক্ষীৰ গাড়ীত খুন্দা মাৰি পলায়ন কৰে চালক তথা গৰু ব্যৱসায়ী চমেশ আলী। চমেশ আলীৰ ঘৰ কোকৰাঝাৰ জিলাৰ আনন্দপুৰত বুলি জানিব পৰা গৈছে। আজি পুৱা গৰুৰ বেপাৰী চমেশ আলীৰ মৃতদেহ উদ্ধাৰ হয় ।
