গুৱাহাটী,৯ অক্টোবৰঃ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনো সাজু হৈছে। কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিৰ্বাচনত অসমৰ ২৮৫ গৰাকী প্রতিনিধিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব। দলীয় ভোটাৰৰ সমৰ্থন বিচাৰি অসমলৈ আহিব সভাপতি পদৰ দুই প্রতিদ্বন্দ্বী মল্লিকার্জুন খাৰ্গে আৰু শশী থাৰুৰ। কাইলৈ অৰ্থাৎ সোমবাৰে প্ৰচাৰৰ বাবে আহিব মল্লিকাৰ্জুন খাৰ্গে। আজি এই কথা সদৰি কৰে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। প্রদেশ কংগ্ৰেছৰ সভাপতিজনে জনোৱা অনুসৰি ১০ অক্টোবৰত মল্লিকার্জুন খাৰ্গে আহিব আৰু ১৪ অক্টোবৰত শশী থাৰুৰ অসমলৈ অহাৰ সম্ভাৱনা আছে। তেওঁলোকে ভোটাধিকাৰ থকা দলীয় নেতা-কৰ্মীসকলক সাক্ষাৎ কৰি নিজৰ সপক্ষত ভোট বিচাৰিব। অসমত ২৮৯ টা ভোট আছে যদিও চাৰিজনে দিব নোৱাৰিব। ২৮৫ গৰাকী প্ৰতিনিধিয়ে সোমবাৰৰ নিৰ্বাচনী সভাত ভাগ ল’ব। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতিয়ে ভাগ ল’ব নোৱাৰিব। উল্লেখ যে সভাপতি নিৰ্বাচনৰ প্ৰচাৰত জড়িত হোৱা বাবে সাংসদ আব্দুল খালেক, বিধায়ক ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সকলো বিষয়বাব ত্যাগ কৰিছে। ইফালে সোমবাৰৰ নিৰ্বাচনী সভাত উত্তৰ পূবৰ প্ৰতিনিধি সকলো অহাৰ সম্ভাৱনা আছে।