গুৱাহাটী, ১০অক্টোবৰ:উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত হিমস্খলনত মৃত্যু হোৱা মৃত অসমকন্যা পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ নিজ গৃহলৈ অনা হয়।চাৰিদিন ধৰি অদম্য অনুসন্ধান চলোৱাৰ অন্তত শনিবাৰে পুৱা উদ্ধাৰকাৰীয়ে দীপশিখাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আজি পুৱাই দীপশিখাৰ বাসগৃহত দেখা গ’ল এক শোকাকুল পৰিবেশ ।জানিব পৰা মতে,দীপশিখাই যোৱা ৪ অক্টোবৰত উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দণ্ডা-দ্বিতীয় শৃংগত ট্ৰেকিং কৰি থাকোঁতে হিমস্খলনত আঘাতপ্ৰাপ্ত হোৱা উত্তৰকাশীস্থিত নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিঙৰ ৪১ গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত আছিল।উল্লেখ্য যে, উত্তৰ কাশী হিমস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও বৃদ্ধি পায়েই আছে বুলি জানিব পৰা গৈছে।তথ্য অনুসৰি ৩৪ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী পৰ্বতাৰোহণৰ প্ৰশিক্ষকসহ ৪১ গৰাকী লোক সেই হিমস্খলনত আঘাত প্ৰাপ্ত হৈছিল।এন আই এমৰ মতে, ১৪ ছেপ্টেম্বৰৰ পৰা উত্তৰকাশীত এডভান্সড মাউণ্টেইনিং প্ৰশিক্ষণ আৰম্ভ হৈছিল আৰু ২৩ ছেপ্টেম্বৰত এই প্ৰশিক্ষণ পাহাৰলৈ স্থানান্তৰিত কৰা হৈছিল।দ্ৰৌপদী কা দণ্ড দ্বিতীয় শৃংগ শিখৰত উপনীত হৈ দলটোৱে উভতি অহাৰ সময়তে পুৱা প্ৰায় ৮.৪৫ বজাত ১৭ হাজাৰ ফুট উচ্চতাত সংঘটিত হয় এই হিমস্খলন। আৰু তাতেই চিৰকাললৈ বিদায় লৈছিল দিপশিখাই।আজি পঞ্চভূতত বিলীন হ’ব এইগৰাকী সাহসী অসম কন্যাৰ নশ্বৰ দেহ।