মাৰ্ঘেৰিটা,১০ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত নিউ কলনিৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ অনুকুল ঠাকুৰ মন্দিৰ ওচৰত আজি পুৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মাৰ্ঘেৰিটা নিউ কলনিৰ স্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলং তলত চিপ লোৱা অৱস্থাত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহটো মাৰ্ঘেৰিটা মিছনপাৰা নিবাসী আছু অধিকাৰী বুলি জানিব পৰা গৈছে। অৱশ্যে লোকজনে আত্মহত্যা কৰিলে নে কোনো লোকে হত্যা কৰি আত্মহত্যা ৰূপ দিবলৈ দলঙত এনেদৰে ওলোমাই থলে সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহ চমজি লোৱা লগতে মৃতদেহৰ মৰোনোত্তৰ পৰীক্ষা বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ তদন্ত তথা মৃতদেহৰ মৰোনোত্তৰ পৰীক্ষা পিছতহে ঘটনা প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
