গুৱাহাটী,১৩ অক্টোবৰঃ দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৱাহাটী আই আই টিত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভনী কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি গুৱাহাটী আই আই টিৰ পৰা ভাৰ্বুৱেলী আমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে। লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে আই আই টি গুৱাহাটীত পৰম কামৰূপা চুপাৰকম্পিউটিং ফেচিলিটী, হাই পাৱাৰ এক্টিভ আৰু পেচিভ কম্পোনেন্ট লেবৰেটৰী অফ সমীৰ মুকলি কৰে। আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ ডিব্ৰুগড় আৰু মধ্য প্ৰদেশৰ জবলপুৰত নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীৰ মাণ্ডলিক ইনষ্টিটিউটো ভাৰ্চুৱেলী উদ্বোধন কৰে। এই উন্নয়নমূলক পদক্ষেপসমূহে অসমৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব। অত্যাধুনিক সা-সুবিধাসম্পন্ন ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে সুলভ চিকিৎসা সেৱা প্ৰদানেৰে জনসাধাৰণক উপকৃত কৰিব। আজিৰ অনুষ্ঠানৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰ, অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰামকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।