চিৰাং,১৪অক্টোবৰঃ চিৰাং জিলাৰ বিজনীত আজি ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিজনী আৰক্ষীয়ে। বিজনী ৰেল গেটৰ পুৰণি বাছ আস্থানৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী এজনক। ৯টা কৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। বিজনী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছসহ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়। ৯টা কন্টেনাৰসহ ড্ৰাগছখিনিৰ ওজন ১২.৩০ গ্ৰাম। সৰবৰাহকাৰীৰ পৰা ৯ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ, এটা মোবাইল, নগদ ২২০ টকা জব্দ কৰে বিজনী আৰক্ষীয়ে।সৰবৰাহকাৰী জনৰ নাম ইচৰাফুল আলী (২৩) আৰু ঘৰ বিজনীৰ সৰকাৰপাৰাত বুলি জানিব পৰা গৈছে।
