গুৱাহাটী,১৪ অক্টোবৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হোৱা আত্মহত্যা ঘটনাৰ ৰহস্য এতিয়াও উদ্ধাৰ হোৱা নাই। উল্লেখ যে যোৱানিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন টেকনিচিয়ানে বিষাক্ত ইনজেকশ্যন লৈ আত্মহত্যা কৰিছিল। হাস্পতালখনৰ চি এন চেণ্টাৰত টেকনিচিয়ান হিচাপে কৰ্মৰত পাপু দাসে বিষাক্ত ইনজেকশ্যন লৈ আত্মহনন কৰাৰ পাছতে কেতবোৰ বিষয় চৰ্চালৈ আহিছিল। কিছুদিন পূৰ্বে কামত যোগদান কৰা প‍াপু দাসৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মনোমালিন্য হৈছিল। ইয়াৰ পাছতে তেওঁ বিষাক্ত ইনজেকশ্যন গ্ৰহণ কৰি আত্মহত্যা কৰে বুলি অভিযোগ উত্থাপন হৈছে। এনে চৰ্চাৰ মাজতে সমগ্ৰ ঘটনা সন্দৰ্ভত চি এন চেণ্টাৰৰ সঞ্চালক বসন্ত কুমাৰ বৈশ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সঞ্চালক বসন্ত কুমাৰ বৈশ্যই জ্যেষ্ঠ বিষয়াৰে পাপু দাসৰ মতানৈক্যৰ কথা অস্বীকাৰ কৰিছে। তেওঁ কয় যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকেও কোনো অভিযোগ উত্থাপন কৰা নাই। এই পৰ্যন্ত চি এন চেণ্টাৰৰ ফালৰ পৰাও কোনো এজাহাৰ দাখিল কৰা হোৱা নাই। ১৯ আগষ্টত কৰ্মত যোগদান কৰা পাপু দাসে কিয় আত্মহত্যা কৰিলে সেই ঘটনা এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে সঞ্চালক বসন্ত কুমাৰ বৈশ্যই এই ঘটনাৰ বিভাগীয় তদন্তৰ আশ্বাস প্ৰদান কৰিছে। তদন্ত সঠিক দিশত আগবাঢ়িলেহে প্ৰকৃত কাৰণ জানিব পৰা যাব। নলবাৰীৰ কমাৰকুছিৰ পাপু দাসে কি কাৰণত বিষাক্ত ইনজেকশ্যন লৈ আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে।