হাটশিঙীমাৰী, ১৬ অক্টোবৰঃ- ৰাজ্যৰ আন জিলাৰ তুলনাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন শিক্ষা বিভাগত পিছ পৰি আছে৷ সেয়ে শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে জিলা প্ৰশাসনে জিলাখনৰ প্ৰতিখন বিদ্যালয়ত গুগুল লিংক অৰ্থাত প্ৰতিদিনে বিদ্যালয়ৰ কোন শ্ৰেনীত কিমান শিক্ষাৰ্থী আহিছে, কিমান শিক্ষাৰ্থী অহা নাই, কেইজন শিক্ষক আহিছে, কেইজন অহা নাই। ৰান্ধনিকে ধৰি সকলো প্ৰকাৰৰ কৰ্মচাৰিলৈ কিমান জন বিদ্যালয়ত দিনটোত উপস্থিত আছে আৰু কিমান জন উপস্থিত নাই তাৰ বাবে এমাহ পূৰ্বে গুগেল লিংকৰ ব্যৱস্থা কৰিবলৈ এক নিৰ্দেশনা দিয়াৰ পাছতেই দক্ষিণ শালমাৰা আৰু মানকাচৰত ১৯০ গৰাকী ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সদস্য সচিব পদৰ পৰা অব্যাহতি দিছিল। জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে একেলগে দায়িত্বৰ পৰা অব্যাহতি লোৱা ঘটনাই ৰাজ্যজুৰি ব্যাপক ভাবে চৰ্চিত হৈছিল। গুগল লিংক বাতিল কৰাৰ দাবী আছিল সদস্য সচিব তথা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলৰ।
বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ এই সিদ্ধান্তৰ পাছতেই ধুবুৰী জিলা শিক্ষা বিভাগে দায়িত্বৰ পৰা অব্যাহতি লোৱা ১৯০ গৰাকী ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে। ফলত খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ হাতত জমা দিয়া অব্যাহতি পত্ৰখন উঠাই নি নিজৰ কৰ্তব্য পালন কৰাৰ বাবে জিলা শিক্ষা বিষয়াই এক নিৰ্দেশনা প্ৰদান কৰে। এই নিৰ্দেশনাৰ পাছতেই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে এজন এজনকৈ নিজৰ অব্যাহতি পত্ৰ উঠাই লবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে অব্যাহতি পত্ৰ প্ৰত্যাহাৰ কৰি জিলা শিক্ষা বিভাগৰ ওপৰত শিক্ষক সমাজ সন্তষ্ট হৈ তেওঁলোকে অব্যাহতি পত্ৰখন প্ৰত্যাহাৰ কৰিছে বুলি মন্তব্য কৰে আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে এই গুগল লিংকৰ বিৰোধীতা কৰাৰ বাবে বৰ্তমানে এই গুগল লিংক প্ৰত্যাহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।