জামুগুৰিহাট, ১৮অক্টোবৰঃঘৰত পুৰুষ নথকাৰ সময়ত মহিলা সকল সাৱধান হওঁক! কিয়নো মহিলাৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি চলাহি কথাৰে আপোনাৰ ঘৰত প্ৰবেশ কৰা অচিনাকী লোকে যিকোনো সময়তে আপোনাৰ পৰা লুটি নিব পাৰে টকা পইচাৰ লগতে সোণৰ আ-অলংকাৰ । জামুগুৰিহাটৰ বৰভগীয়া গাঁওত সংঘটিত হৈছে এনে এক ঘটনা । গাঁওখনৰ প্ৰতীম শইকীয়া নামৰ ব্যক্তি গৰাকী ঘৰত পুৰুষ নথকাৰ সময়ত সুযোগ বুজি প্ৰবেশ কৰা দুজনীয়া অচিনাকী যুৱকৰ দলে লুটিনিলে সোণৰ আ-অলংকাৰ । লগত লৈ অহা জুলীয়া পদাৰ্থৰে প্ৰথম অৱস্থাত ঘৰৰ কাঁহ পিতলৰ শৰাই আৰু বাচন বৰ্তন চাফা কৰি দেখুৱাই আৰু ইয়াৰ পৰবৰ্তী সময়ত ব্যক্তিজনৰ পত্নীৰ পৰা সোণৰ অলংকাৰ খুজি চাফা কৰি থকাৰ সময়তে মহিলা গৰাকীক অচেতন কৰি সোণৰ আ-অলংকাৰ খিনি লৈ উধাও হয় যুৱক দুজন । কিছুসময়ৰ পিছত মহিলা গৰাকীৰ সংজ্ঞা ঘুৰি অহাত ওচৰ চুবুৰীয়াক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাই যদিও ইতিমধ্যেই পলায়ন কৰে যুৱক দুজন । জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও দুৰ্বৃত্তৰ কোনো সম্ভেদ উলিয়াব পৰা নাই আৰক্ষীয়ে ।
