বিহাৰ, ২১ অক্টোবৰ:এখন প্ৰাথমিক বিদ্যালয়ৰ এটা পাকঘৰৰ পৰা উদ্ধাৰ হৈছে অবৈধ সুৰাৰ কাৰ্টুন। বিহাৰৰ সুৰা নিষিদ্ধ সীমান্ত অঞ্চলৰ এখন বিদ্যালয়ত অবৈধ সুৰা উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলজুৰি ।  সীমান্তৰ ওচৰৰ মোহন বান্সডিলা গাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পাকঘৰত বৃহৎ পৰিমাণৰ অবৈধ সুৰা সংৰক্ষণ কৰাত এজন শিক্ষাৰ্থীয়ে ইয়াক দেখা পায় ঘটনাটো ৰাষ্ট্ৰ হৈ পৰাতস্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ এজন শিক্ষকে কয় যে, “পাকঘৰটো বহুদিন বন্ধ আছিল। চাবিটো গাওঁৰ মুৰব্বীৰ হাতত আছিল। গতিকে বন্ধ কোঠাটোত কি আছিল কোনেও জনা নাছিল। আবকাৰী বিভাগৰ মতে যে ঘটনাস্থলীৰ পৰা ৫১ অবৈধ সুৰাৰ বটল উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে জনোৱা মতে, বিহাৰত চোৰাং ব্যৱসায়ৰ বাবে সীমান্তৰ কাষৰীয়া গাওঁখনৰ বিদ্যালয়ত বৃহৎ পৰিমাণৰ সুৰা সংৰক্ষণ কৰা হৈছিল। সম্প্রতি গোটেই ঘটনাটোৰ তদন্ত চলি আছে।