লখিমপুৰ, ২৫ অক্টোবৰ ; ধাৰাসাৰ বৃষ্টিপাতৰ পৰিণতিত ওফন্দি উঠিছে অৰুণাচলৰ ইয়াজুলিত থকা নিপকোৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ পানী । যাৰ ফলত আজি পুৱাৰে পৰা পৰ্যায় ক্ৰমে ৰঙানদীৰ বুকুত বান্ধটোৰ ৪ নম্বৰ গেটেৰে এৰি থকা হৈছে বিশাল পৰিমাণৰ জলৰাশি । ফলস্বৰূপে নৈ পৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ পৰিস্থিতিৰ । ধাৰাসাৰ ৰূপত পানী এৰাৰ পৰিণতিত ৰঙানদীৰ ঊৰ্ধগামী জলপৃষ্ঠই ক্ষতি কৰিছে খাৰকাতি ফটাসুটি ঘাটত । ৰঙানদীৰ ওপৰত নিৰ্মীয়মান , ইপাৰ -সিপাৰ হবলৈ ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ অব্যাহত ৰখা কাঠৰ দলং খনৰ এটা অংশ বুৰাই দুয়োখন দলং উটুৱাই নিছে , ফলত ৰাইজৰ যাতায়ত বিঘ্নিত হৈছে । উল্লেখ যে অৰুণাচল পাহাৰত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত নিপকোৱে ৰঙানদী প্ৰকল্পৰ ৪ নং গেটেৰে পানী এৰি থকাৰ সমান্তৰালকৈ প্ৰশাসনৰ জৰিয়তে ৰাইজক পানী এৰাৰ জাননী দি থকাত ৰাইজ আতংকিত হৈছে ।