জামুগুৰিহাট, ২৭ অক্টোবৰঃখাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰিছে জাক জাক বন্যহস্তীয়ে । জামুগুৰিহাটৰ উত্তৰাঞ্চলত অব্যাহত আছে বৃহৎ বন্যহস্তী দলৰ উপদ্ৰৱ । নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশাৰ ভাগত ওলাই অহা বন্যহস্তীয়ে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ দুই নং বৰদিকৰাই, খৃষ্টানবস্তী, আজাৰগুৰি, বামুণীপামকে ধৰি একাধিক অঞ্চলৰ ৰাইজৰ খেতিখোলা নষ্ট কৰিছে । বিশেষকৈ বন্যহস্তীৰ জাকে কৃষক ৰাইজৰ ধানখেতি খেচিগুলি তহিলং কৰিছে । যোৱা ডেৰ দশকৰো অধিক ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে । যোৱা এটা দশকৰ ভিতৰত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ এতিয়ালৈকে কুৰিৰো অধিক লোক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ বিপৰীতে শতাধিক লোক চিৰদিনৰ বাবে পংগু হৈছে । নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বৰদিকৰাই নদী পাৰ হৈ প্ৰবেশ কৰা বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণ কৰাৰ ব্যৰ্থ হৈছে বনবিভাগ । অঞ্চলটোত দীৰ্ঘদিন ধৰি অব্যাহত থকা বনৰীয়া হাতীৰ উপদ্ৰৱৰ স্থায়ী প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বনবিভাগক দাবী জনাইছে স্হানীয় ৰাইজে ।










