গুৱাহাটী,২৮ অক্টোবৰঃ উত্তৰ গুৱাহাটীত জব্দ হৈছে নকল সোণৰ নাও আৰু যীচুৰ মূৰ্ত্তি, চাৰিটা মোবাইল ফোন , নগদ ১ লাখ ৫ হাজাৰ টকা‌ আৰু এখন বিলাসী গাড়ী। দেখাত অবিকল সোণ যেন লগা নাওঁ আৰু যীচুৰ প্ৰতিমূৰ্ত্তিৰ ওজন প্ৰায় দুই কিলোগ্ৰাম। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহেমেদৰ এক গোপন তথ্যৰ ভিত্তিত উত্তৰ গুৱাহাটী গৌৰিপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ হাজৰিকা আৰু উপ পৰিদৰ্শক উপানন্দ কলিতাই অভিযান চলাই জব্দ কৰে সামগ্ৰীখিনি। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত সোনাপুৰ ৰিজাৰ্ভ গাঁৱৰ আবু হানিফা (২৬), বাহাৰুদ্দিন (২৩) নামেৰে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। দুয়োজন যুৱকে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ অন্তৰ্গত শিলাগ্ৰেন্ট কাটিংপাহাৰৰ “কামাখ্যা ল’জৰ” কোঠা ভাড়া লৈ দীৰ্ঘ দিনৰ পৰা নকল সোণৰ ব্যৱসায় কৰি আছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে জোৰদাৰ অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰা মতে  গ্ৰাহকক ঠগাই নকল সোণৰ ৰমৰমীয়া ব্যৱসায় কৰা এই ঘটনাৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে ।