গুৱাহাটী,২৯ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্বৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আজিৰ কেবিনেটে দা আসাম উডবেচড ইণ্ডাষ্ট্ৰিজ প্ৰমোচন এণ্ড ডেভলপমেণ্ট ৰুলচ-২০২২ত অনুমোদন জনায়। ইয়াৰ দ্বাৰা উডবেচড উদ্যোগৰ উন্নয়নৰ বাবে কেতবোৰ নতুন নিয়ম কৰা হৈছে। অগৰু আৰু প্লাইউডৰ উদ্যোগ ইয়াৰ দ্বাৰা লাভৱান হ’ব। আনহাতে কেবিনেটে মিছন বসুন্ধৰা-২ৰ ক্ষেত্রত অনুমোদন জনায়। বসুন্ধৰা-২ ৰ কাম নবেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব। সেইদৰে আজিৰ কেবিনেটে এটা শুধৰণি কৰে। ৰাজ্যিক অ’বিচি তালিকাৰ চিৰিয়েল নম্বৰ ১৭ত নেপালী সম্প্ৰদায়সমূৰ চাব-কাষ্টসমূহ বিৱৰণ কৰা হৈছিল, তাত ‘লিম্বু’ৰ সলনি ‘লিহু’ হৈ আছিল। যাৰ বাবে লিম্বুসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল। আজিৰ কেবিনেটে ইয়াৰ শুধৰণি কৰি লিম্বু কৰে। আনহাতে তালিকাত অন্তৰ্ভুক্ত নথকা নেপালী সম্প্ৰদায়ৰ ‘ভুজেল’ সম্প্ৰদায়ক আজিৰ কেবিনেটে অ’বিচি তালিকাভুক্ত কৰে। সেইদৰে অ’বিচিৰ চিৰিয়েল নম্বৰ ১৪ত মৰান-মটক সম্প্ৰদায় একেলগে আছিল। আজিৰ কেবিনেটে দুটা সম্প্ৰদায়ক পৃথক পৃথক কৰে। মৰান সম্প্ৰদায় চিৰিয়েল নম্বৰ ১৪ ত থাকিব আৰু মটক সম্প্ৰদায় চিৰিয়েল নম্বৰ ৩৩ ত থাকিব। এতিয়াৰে পৰা দুটা সম্প্ৰদায়ে পৃথক পৃথক পৰিচয় লাভ কৰিব।