টীয়ক, ২৯অক্টোবৰঃটীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত কলিয়াপানী স্থিত চুঙীবাৰী চাহ ফেক্টৰীৰটোৰ কৰ্তৃপক্ষই নলাৰে ফেক্টৰীৰ অতি বিষাক্ত আৰু অতি দুৰ্গন্ধ যুক্ত পানী জাতীয় বস্তু জনাঞ্চললৈ এৰি দিছে। পথাৰ, ফিছাৰী, কালভাৰ্ট আদিয়ে পাৰ হৈ টীয়ক নদী পৰ্যন্ত পৰিব পাৰে এই দুৰ্গন্ধযুক্ত ক’লা ৰঙৰ পদাৰ্থ বিধ। ফেক্টৰী কৰ্তৃপক্ষৰ এই কাণ্ডৰ পাছতে কলিয়াপানী আদৰ্শ গাঁৱৰ বৃহৎ অঞ্চলটোৰ দুই সহস্ৰাধিক লোকে যমৰ যান্ত্ৰণা ভুগিবলগীয়া হৈছে। এই বিষাক্ত পানী সেৱন কৰাৰ ফলত গৰু, ছাগলীৰ মৃত্যু হোৱাৰ উপৰি ফিছাৰীৰ মাছ ,হাঁহ আদিৰ মৃত্যু হৈছে। বাগিচা কৰ্তৃপক্ষৰ এনে কাণ্ডৰ বিৰুদ্ধে গা‍ঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তৎকালে ইয়াৰ এক প্ৰতিকাৰৰ দাবী জনাইছে। যুৱ ছাত্র পৰিষদে এনে অবিবেচক কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। ইপিনে বাগিচা কৰ্তৃপক্ষই এই কাৰ্য প্ৰতিকুল বতৰৰ বাবে সংঘটিত হোৱি বুলি উল্লেখ কৰি ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ কথা ব্যক্ত কৰে।