গুৱাহাটী,৩০ অক্টোবৰঃ আজিৰে পৰা আৰম্ভ হ’ল লীলাবাৰী, শ্বিলং, ইম্ফল, আইজল আৰু জিৰ’ৰ মাজত এলায়েন্স এয়াৰ বিমানসেৱা। আজি ভাৰ্চুৱেলি এই সেৱা মুকলি কৰা অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীক সংগ দিয়ে মন্ত্রী পৰিমল শুক্লবৈদ্যই। জনতা ভৱনত ভাৰ্চুৱেলি এই সেৱাৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীয়ে কয় যে এই সেৱাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ বাকী অংশৰ মাজত যাতায়াতৰ সুচল সুবিধা প্ৰদান কৰিব। লগতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা, পৰ্যটন আৰু বাণিজ্যিক সম্ভাৱনাও বৃদ্ধি কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত বিশেষ যত্ন লোৱাৰ বাবে মুখ্যমন্ত্রীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। লগতে অঞ্চলটোত এই সেৱা আৰম্ভ কৰাত আগভাগ লোৱা কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এলায়েন্স এয়াৰক ধন্যবাদ জনায়। ভাৰ্চুৱেলি এই সেৱা মুকলি কৰা কাৰ্যসূচীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী ভি কে সিং, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, এলায়েন্স এয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া বিনীত সুদ উপস্থিত আছিল।










