গুৱাহাটী,২ নবেম্বৰঃ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোক অধিক জনমুখী কৰা আৰু প্ৰশাসনৰ কাম-কাজ অধিক ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে।ৰাজ্যৰ জনকল্যাণৰ বাবে বৰ্তমানে চলি থকা আৰু ভৱিষ্যতৰ পৰিকল্পিত আঁচনি তথা কাৰ্যসূচীসমূহৰ লগতে আইন-শৃংখলাৰ ব্যৱস্থাৱলী পৰ্যালোচনাৰ উদ্দেশ্যে আজি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন যুটীয়া বৈঠকত মিলিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই বৈঠকৰ প্ৰথমাৰ্ধত মুখ্যতঃ ২৪ নৱেম্বৰত ৰাজ্য চৰকাৰে পালন কৰিবলগীয়া বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ৷ অহা ১৮ নৱেম্বৰত পুলিচ বেণ্ডেৰে কিদৰে লাচিত দিৱসৰ পূৰ্বে সপ্তাহজোৰা কাৰ্যসূচী আৰম্ভ হ’ব, জিলাসমূহত কিদৰে এই দিৱস উদযাপিত হ’ব, শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে বীৰগৰাকীৰ বিষয়ে লিখা ৰচনা প্ৰতিযোগিতা কেনেদৰে আয়োজিত হ’ব আৰু অহা ২৪ নৱেম্বৰত কিদৰে অনুষ্ঠানৰ সামৰণি পৰিব – এই সকলো দিশত বিস্তৃতভাৱে বৈঠকত আলোচিত হয়। তদুপৰি ৰাজ্য চৰকাৰে আৰম্ভ কৰিবলগীয়া বসুন্ধৰা ২ আঁচনি, অনুসূচিত জাতি-জনজাতি আৰু অ’ বি চি সম্প্ৰদায়ৰ লোকসকলৰ বাবে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বাবে চৰকাৰে আৰম্ভ কৰা মিছন ভূমিপুত্ৰ প’ৰ্টেল, শিক্ষানুষ্ঠানসমূহলৈ গৈ বিদ্যাৰ্থীক এনে প্ৰমাণপত্ৰ দিয়াৰ বাবে চলি থকা বিশেষ অভিযান সম্বন্ধেও আজি বৈঠকত আলোচনা কৰা হৈছে৷ আনহাতে জনসাধাৰণক যাতে ভূমি ক্ৰয়-বিক্ৰয়ৰ অনুমতি যথাসম্ভৱ শীঘ্ৰে প্ৰদান কৰিব পৰা যায় আৰু ৰাষ্ট্ৰীয় ঘাইপথ আদিৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ খৰতকীয়া কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী যোগেন মহন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে।
