লখিমপুৰ, ২ নৱেম্বৰ ঃ লখিমপুৰৰ নিৰ্মীয়মান ো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই দুৰ্ঘটনাত এখন অৰুণাচলী তীব্ৰবেগী বাহনৰ খুন্দাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাত এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে আজি পুৱা প্ৰায় ৮.৩০ বজাত লখিমপুৰৰ নিৰ্মীয়মান বাইপাছৰ চাবতিৰ বৃন্দাবন ৰেষ্টুৰেন্ত্ৰৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ সমীপৰ পৰা ধেমাজি অভিমুখে যোৱা অৰুণাচলৰ এ আৰ ০১ এইছ ০৪৮৫ নম্বৰৰ তীব্ৰবেগী নিছান ৰেডী গ’ বাহনখনে এ এচ ০৭ এম ২০৮৮ নম্বৰৰ পালচাৰ বাইকখনক পিছফালৰ পৰা খুন্দা মৰাত বাইক আৰোহী নুৰ ইছলাম [৩৫] কিছু দূৰত চিতিকি পৰি ঘটনাস্থলীতে মৃত্যু হয়৷ বাইপাছৰ নিচেই সমীপৰ তথা চাবতিৰ নিবাসী বিবাহিত যুৱক তথা তিনি সন্তানৰ পিতৃ নূৰ ইছলামৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে অঞ্চলটোৰ শ শ পুৰুষ মহিলা ওলাই আহি পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বাহনখনৰ চালকজনৰ লগতে আৰোহী কেইজনক একাংশ লোকে আবদ্ধ কৰি আক্ৰমণ কৰাৰ সময়তে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ এজাই গুলী চালনা কৰে৷ ইয়াৰ পিছতো উত্তেজিত লোকসকল আঁতৰি নগৈ মৃতদেহ ঘেৰাও কৰি আৰক্ষীক মৃতদেহ আঁতৰাই নিয়াৰ ক্ষেত্ৰত বাধাপ্ৰদান কৰে৷ ঘটনাৰ পিছত লখিমপুৰৰ উচ্ছ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি নিয়ে৷ এই ঘটনাই আজি লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ উল্লেখ্য যে লখিমপুৰৰ বাইপাছত অৰুণাচলৰ তীব্ৰবেগী বাহনে সঘনাই দুৰ্ঘটনা কৰি অহাৰ ফলত বহু লোকৰ অকালতে মৃত্যু হৈ আহিছে৷

Home অসম আৰু উত্তৰপূব লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ঃ অৰুণাচলীৰ বাহনৰ খুন্দাত বাইক আৰোহীৰ থিতাতে...