গুৱাহাটী,৪ নবেম্বৰঃ গুৱাহাটীৰ পুৰণি কালাপাহাৰ আৰু বৰ্ত্তমানৰ নীলাচল নগৰত নিৰ্মিয়মান গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ ২০২৪ চনৰ ভিতৰত কাৰ্যক্ষম কৰি তোলা হ’ব। আজি এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ যে জনতা ভৱনত আজি অসম চৰকাৰ আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ এক চুক্তি সাক্ষৰ হয়। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বুজাবুজিৰ এই চুক্তিত স্বাক্ষৰ কৰে অসম চৰকাৰৰ হৈ চিকিৎসা শিক্ষাৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ হৈ প্ৰতিষ্ঠাপক ৰাধাকৃষ্ণন দমানীয়ে। এই চুক্তিৰ যোগেদি গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ ‘প্ৰাগজ্যোতিষ মেডিকেল কলেজ’ৰ শৈক্ষিক আন্তঃগাঠনিৰ বাবে মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডে চি এছ আৰৰ অধীনত ১৫০ কোটি টকা ব্যয় কৰিব। আজি আনুষ্ঠানিকভাৱে প্ৰথম কিস্তি হিচাপে ৫ কোটি টকা আগবঢ়োৱা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই বৰঙণিৰ বাবে মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে। স্বাস্থ্যখণ্ডৰ বিকাশৰ ক্ষেত্রত ব্ৰাইট ষ্টাৰৰ দৰে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আগবাঢ়ি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এহাজাৰ বিচনাযুক্ত প্ৰাগজ্যোতিষ মেডিকেল কলেজখন ২০২৪ ৰ ভিতৰত কাৰ্যক্ষম কৰি তোলা হ’ব। গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ প্ৰয়োজনীয়তা দীৰ্ঘদিনীয়া বুলি উল্লেখ কৰি তেওঁ কয় যে আগন্তুক ৫ বছৰৰ ভিতৰত অসমত ২৪ খন মেডিকেল কলেজ হ’ব। আনহাতে এম বি বি এছৰ আসনৰ সংখ্যা ৫ বছৰৰ ভিতৰত ২৭০০ লৈ বৃদ্ধি পাব। ২০১৪ চনত এম বি বি এছৰ আসনৰ সংখ্যা ৭২৬ খন আছিল আৰু বৰ্ত্তমান আছে ১২০০ খন। তেওঁ লগতে কয় যে অসম চৰকাৰে চিকিৎসা ব্যৱস্থাৰ সমান্তৰালকৈ গৱেষণামূলক কামৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠাপক ৰাধাকৃষ্ণন দমানীয়ে স্বাস্থ্যখণ্ডৰ উন্নয়ণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মধুচন্দক দমানী, চিকিৎসা শিক্ষাৰ প্ৰধান সচিব অবিনাশ যোশীকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ বিষয়ববীয়া উপস্থিত আছিল।
Home অসম আৰু উত্তৰপূব অসম চৰকাৰ আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি সাক্ষৰ