হাটশিঙীমাৰী, ৭ নবেম্বৰঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী অসমৰ মুঞ্জুৰী আদৰ্শ গাঁওৰ পশু চিকিৎসালয় খনৰ জৰাজীৰ্ণ অৱস্থা। বিগত প্ৰায় ২০ বছৰ ধৰি এনে জৰাজীৰ্ণ অৱস্থাত আছে মুঞ্জুৰী আদৰ্শ গাঁওখনৰ এই উপ-পশু চিকিৎসালয় খন। বহু নেতা আহিল নেতা গ’ল কিন্তু খবৰ লোৱাৰ আহৰি নাই আদৰ্শ গাঁওখনৰ এইখন উপ-পশু চিকিৎসা কেন্দ্ৰৰ। মুঞ্জুৰী আদৰ্শ গাঁওখনৰ অধিকাংশ লোক কৃষি কৰ্মত জড়িতৰ হোৱাৰ লগত প্ৰায় সকলো মানুহে ঘৰত পশুপালনৰ প্ৰতি গুৰুত্ব দিয়ে। এই ক্ষেত্ৰত আদৰ্শ গাঁওখনৰ ৰাইজে পশু সমূহৰ বেমাৰ হ’লে মেঘালয়ৰ পশু চিকিৎসালয় সমূহলৈ নিব লগা হয়। উপায়ন্তৰ হৈ গাওঁ খনৰ ৰাইজে এই সন্দৰ্ভত জিলা উপায়ুক্তক অৱগত কৰাৰ পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে এখন পশু চিকিৎসকৰ ব্যৱস্থা কৰে যদিও পশু চিকিৎসক জনৰ বহাৰ ঠাই নথকাত বহুতো অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷ ভাল ঠাই নথকাত ওচৰৰ এখন বিদ্যালয়ৰ বাৰান্ধাত বহি সাপ্তাহত এদিন দুদিনকৈ কোনোমতে গাঁওখনৰ পশুসমূহ চিকিৎসা কৰি আছে। সেয়ে এই ক্ষেত্ৰত আদৰ্শ গাঁওখনৰ ৰাইজে চৰকাৰৰ লগতে জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় অতি সোনকালে মুঞ্জুৰী আদৰ্শ গাঁওখনত এখন পশু চিকিৎসালয়ৰ গৃহ নিৰ্মাণ কৰিব লাগে৷ লগতে দৈনিক পশু চিকিৎসক বহিব লাগে আৰু পশুৰ পৰ্যাপ্ত পৰিমাণে ঔষধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰ তথা জিলা প্ৰশাসনে মুঞ্জুৰী আদৰ্শ গাওঁৰ পশু চিকিৎসালয় খনৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয়৷