ৰঙিয়া ৮ নৱেম্বৰ :- ৰাষ্ট্ৰীয় ঘাইপথত তোলগেটত কোনো ধৰণৰ চিণ্ডিকেট হোৱা নাই । চৰকাৰী ভাবে নিবিদা আহ্বানৰ পিচত ৰাষ্ট্ৰীয় ঘাইপথত তোলগেট স্থাপন কৰা হৈছে । সোমবাৰে ৰঙিয়াত কৃষকক বীজ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এনেদৰে কয় । বজালীত ৰাষ্ট্ৰীয় ঘাইপথত টোলগেটত আপ দলে প্ৰতিবাদ সাব্যস্ত কৰি টোলগেটত গুণ্ডা টেক্স লোৱা বুলি অভিযোগ কৰিছিল । বিধায়ক গৰাকীয়ে এই সন্দৰ্ভত আৰু কয় যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, ঘাইপথ মেৰামতি আদিৰ বাবে ধনৰ প্ৰয়োজন । সেইবাবেহে ৰাষ্ট্ৰীয় ঘাইপথতৰ টোলগেটত স্থাপন কৰা হৈছে । টোলগেটত বৈধতা আছে বাবে টোলগেটত আৰক্ষী থাকে বুলি ভৱেশ কলিতাই উল্লেখ কৰে । ইফালে বিধায়ক গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ কৃষাণ মৰ্চাৰ তত্বাবধানত ৰঙিয়া হাৰিয়ান্দাৱত ২৬ গৰাকী কৃষকৰ ভিতৰত ৭০ বিঘা কৃষি ভুমিত মতৰ, মাহ, সৰিহ আৰু মচুৰৰ বীজ বিতৰণ কৰা হয় । উল্লেখযোগ্য যে ইয়াৰ পুৰ্বে বিধায়ক গৰাকীয়ে এনেদৰে কৃষকৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰা হৈছে ।।
