গুৱাহাটী, ৮ নৱেম্বৰঃ অসমীয়া চলচ্চিত্ৰৰ মহানায়ক নিপন গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি মংগলবাৰে মহানগৰীৰ শিলপুখুৰীস্থিত দীপক সংঘৰ কালী মন্দিৰ প্ৰাগণত এখনি স্মৃতিচাৰণ সভা সম্পন্ন হয়৷ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’, ‘চলচ্চিত্ৰ সমাজ, অসম’ আৰু ‘উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা-কুশলী সন্থা’ৰ উদ্যোগত আয়োজিত সভাত উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী জ্যেষ্ঠ শিল্পী, কলা-কুশলী, সাংবাদিক তথা বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি৷ উক্ত অনুষ্ঠানতে প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ দ্বাৰা সম্পাদিত ‘বৰ্ণময় নিপন গোস্বামী’ শীৰ্ষক স্মৃতিগ্ৰন্থখনিও উন্মোচন কৰা হয়৷ উন্মোচন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ লগতে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি মন্ত্ৰী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি কয় যে অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা সদৃশ নিপন গোস্বামীয়ে বিগত প্ৰায় ছটা দশকত শতাধিক চলচ্চিত্ৰ আৰু মঞ্চ, অনাতাঁৰ নাটত অভিনয় কৰি কেবাটাও প্ৰজন্মক সন্মোহিত কৰি থৈ গৈছে৷ তেখেতৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ এইগৰাকী মহাতাৰকাৰ স্মৃতিক আমি এতিয়া কেনেদৰে উত্তৰ পুৰুষৰ বাবে জীয়াই ৰাখিব পাৰো তাৰ বাবে সকলোৱে যৎপৰোনাষ্টি কৰা উচিত৷ এইক্ষেত্ৰত অসমৰ সাংস্কৃতিক বিভাগেও কৰিবলগীয়া বহুত আছে আৰু কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে৷ ‘‘বৰ্ণময় নিপন গোস্বামী’ এইক্ষেত্ৰত মাইলৰ খুঁটি হৈ ৰ’ব’’ বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য যে স্মৃতিচাৰণ সভাখনত উপস্থিত থকা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জ্যেষ্ঠ শিল্পী দীনেশ দাস, জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাস প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে প্ৰয়াত শিল্পীগৰাকীক স্মৰণ কৰি ভাষণ প্ৰদান কৰে৷
