বঙাইগাঁও ১২ নবেম্বৰঃবঙাইগাঁও জিলাৰ অভয়াপুৰীত অসমপ্ৰেমী যুৱ-ছাত্র সমাজৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ কৰে অভয়াপুৰী আৰক্ষীয়ে। এগৰাকী কিশোৰীক অশ্লীল ফটো আৰু ভিডিঅ’ ছচিয়েল মিদিয়াত ভাইৰেল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা স্বয়ম্ভূ নেতাজন বইটামাৰী বিদ্যাপুৰৰ ৰহিবুল শ্বেখ। কিশোৰী গৰাকীৰ পিতৃৰ মোবাইল ফোনলৈ কিশোৰী গৰাকীৰ অশ্লীল ফটো প্ৰেৰণ কৰি ব্লেকমেইলিঙৰ অভিযোগ কৰে ভুক্তভোগী পৰিয়ালে। সমগ্ৰ ঘটনা সন্দৰ্ভত অভয়াপুৰী আৰক্ষীয়ে ইতিমধ্যে Pocso আইনৰ অধীনত ৪৫৮ /২২ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।