জামুগুৰিহাট, ১৬ নবেম্বৰ:ভাৰত চৰকাৰে হৰ ঘৰ পানী এই শ্ল’গানেৰে চমক সৃষ্টি কৰি এক মিছন আৰম্ভ কৰিছিল কোটি কোটি টকাৰ ব্যয়েৰে৷ কিন্তুএই জল জীৱন মিছন সম্প্ৰতি অসাৰ হৈ পৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ বাবে।চৰকাৰে মানুহৰ ঘৰৰ লগতে বিদ্যালয় সমূহতো ছাত্ৰ ছাত্ৰীয়ে যাতে এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে তাৰ বাবে বিদ্যালয়সমূহত দুই লাখৰো অধিক ব্যয়েৰে পানীৰ ব্যৱস্থা কৰিছিল৷ কিন্তু জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ বহু বিদ্যালয়ত নিৰ্মাণৰ ৬ মাহৰ পাছৰে পৰা এটুপি পানী নোপোৱা হ’ল ছাত্ৰ ছাত্ৰীয়ে।চতিয়াৰ ২নং আদাভেটী প্ৰাথমিক বিদ্যালয় খনত শতাধিক ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়খনটো জল জীৱন মিছনৰ জড়িতে পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল৷ কিন্তু নিৰ্মাণৰ ৬ মাহৰ পিছতেই বিকলহৈ পৰিল এই আচঁনি।চতিয়াৰ ২নং আদাভেটী প্ৰাথমিক বিদ্যালয়খন কেৱল উদাহৰণহে চতিয়াৰ বহু বিদ্যালয়ত জল জীৱন মিছনৰ জড়িয়তে নিৰ্মাণ কৰা পানী যোগান আঁচনি বিকল হৈ পৰি আছে।জল জীৱন মিছনৰ নামত নিম্ন মানৰ কাম কৰি ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীয়ে দুই হাতৰে চৰকাৰী ধন হজম কৰাৰ হে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷