ৰঙিয়া, ১৮নবেম্বৰঃ ৰঙিয়া চহৰৰ দুটা ওৱাৰ্ডকে ধৰি কমলপুৰ সমষ্টিৰ অধিনৰ পূৱ কাছাৰী মহল মৌজাৰ চাৰিখনকৈ পঞ্চায়ত ৰঙিয়া ৰাজহ চক্ৰৰ পৰা কৰ্তন কৰি কমলপুৰ ৰাজহ চক্ৰৰ অধীনলৈ নিয়াৰ যো-জা আৰম্ভ হৈছে ।এই সংক্ৰান্তত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়লৈ পত্ৰ অহাৰ লগে লগে জাঙুৰ খাই উঠিছে উক্ত অঞ্চল সমুহৰ ৰাইজ ।গাতে লাগি থকা পঞ্চায়ত কেইখনৰ কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে পৌৰ সভাৰ অন্তগত দুটাকৈ ওৱাৰ্ডৰ নাগৰিকে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধীতা কৰি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । এই সন্ধৰ্ভত ৰঙিয়া বৰদল পঞ্চায়তত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় । প্ৰতিবাদী কাৰ্য্যসূচীত ৰাইজে স্পষ্টভাৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধীতা কৰে ।প্ৰতিবাদী সভাখনত ৰঙিয়া ৰাজহ চক্ৰ বিষয়া লিনা কুমাৰী পাৱে উপস্থিত হৈ ৰাইজৰ পৰা মৌখিক ভাৱে সাক্ষী গ্ৰহণ কৰে । বিষয়া গৰাকীৰ সন্মুখত প্ৰতিবাদী ৰাইজে স্পষ্ট কৰি জনায় যে কোনেও নিবিচাৰে ৰঙিয়া ৰাজহ চক্ৰৰ পৰা নিজৰ নিজৰ গাঁও পঞ্চায়ৰ লগতে দুটাকৈ ওৱাৰ্ড কৰ্তন কৰি কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অধিনলৈ নিয়াটো ।ইফালে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে প্ৰতিবাদী সভাতে সকলোৰে সাক্ষ্য গ্ৰহণ কৰি বিভাগীয় কতৃপক্ষক বিষয়টো অৱগত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ পৰা উক্ত গাঁও সমুহ কৰ্তন কৰি কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তভুক্ত নকৰিবলৈ কামৰূপ উপায়ুক্ত মহোদয়াক অনুৰোধ জনাই প্ৰতিবাদী ৰাইজে ।