মাৰ্ঘেৰিটা, ২২ নৱেম্বৰঃ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে মাৰ্ঘেৰিটাত টোপনি সৰিছে গঞা ৰাইজৰ।মাৰ্ঘেৰিটা বিধানসভাৰ সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰিতুপথাৰ গাঁৱত শ শ বিঘা পকা শালি ধানৰ খেতি পথাৰ নষ্ট কৰিলে বন্যহস্তীয়ে।নিশা খাদ্য সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতী জাকে অঞ্চলটোত প্ৰায়ে উপদ্ৰৱ চলাই আহিছে।স্থানীয় ৰাইজৰ অভিযোগ যে ডিগবৈ বন সংমণ্ডল তথা মাৰ্ঘেৰিটা পূৱ বনাঞ্চলিক কাৰ্যলয়ত গাঁওবাসীয়ে বন্যহস্তী উপদ্ৰৱৰ বিষয়ে বহু আবেদন নিৱেদন জনাই আহিছে যদিও বন বিভাগে তিলমানো গুৰুতৰ প্ৰদান কৰা নাই।আনহে নালাগে ৰাইজক বন্যহস্তী ভয় খোৱাই খেদি পঠাবলৈ প্ৰয়োজন হোৱা ফটকা আদি সামগ্ৰীও বন বিভাগে আজিলৈকে যোগাৰ নিদিলে।ফলত উপায়হীন গঞাৰাইজে বছৰটো ভাত মুঠি যোগাৰৰ বাবে জীউটো হাতৰ মুঠিত লৈয়ে নিশা ধাননী পথাৰত পহৰা দিবলৈ বাধ্য হৈ পৰিছে।গঞা ৰাইজৰ তীব্ৰ ক্ষোভ স্থানীয় বন বিভাগৰ বিষয়া-কৰ্মচাৰী বিৰুদ্ধে।বন্য হাতীক ৰোধিবলৈ বন বিভাগৰ হাতত নাই কোনো ধৰণৰ সুপৰিকল্পিত আচনি।বন বিভাগৰ এনে কাণ্ডজ্ঞান শূন্য কৰ্ম কাণ্ডৰ বাবে বিনিদ্ৰ ৰজনি পাৰ কৰিব লগীয়া হৈছে গাম্য অঞ্চলটো সাধাৰণ কৃষিজীৱি ৰাইজ।