গুৱাহাটী,২৩ নৱেম্বৰঃ গুৱাহাটী মহানগৰী ক্ৰমাৎ এখন অপৰাধ নগৰীলৈ পৰ্যবসিত হৈ পৰিছে। নিৰাপত্তা নোহোৱা হৈ পৰিছে খোদ নিৰাপত্তাৰক্ষীৰে। এইবাৰ ডকাইতৰ লক্ষ্যস্থান ড’মিজৰ বিপণী। বুধবাৰে পুৱা ৪ মান বজাত গুৱাহাটীৰ ড’মিজৰ পিজ্জাৰ বিপণীত ডকাইতৰ এটা দলে লুটপাত কৰে। গণেশগুৰিৰ নয়নপুৰত সংঘটিত হয় এই ডকাইতিৰ ঘটনা। খবৰ অনুসৰি জিতেন বৰ্মন নামৰ নিৰাপত্তাৰক্ষীজনৰ হাত-ভৰি বান্ধি দুৰ্বৃত্তই চলালে লুট-পাত। ডমিন’জ পিজাৰ নিৰাপত্তাৰক্ষী জিতেন বৰ্মন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। আৰক্ষীয়ে সোধা-পোছাৰ বাবে ৪জন লোকক আটক কৰিছে।