ধুবুৰী,২৪ নৱেম্বৰঃ লাচিত দিৱসৰ দিনটো এইবাৰো সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ উদ্যোগত দেশভক্তি সমাৰোহ ৰূপে অনুষ্ঠিত কৰা হয়। ভাৰত মাতা পূজন আৰু মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণেৰে চহৰখনৰ ১১নং ৱাৰ্ডৰ ‘‘সীমান্ত ভৱন’’ত আয়োজিত কৰা কাৰ্য্যসূচীৰ শুভাৰম্ভনী কৰা হয়। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ সভাপতি দিৱস অধিকাৰীয়ে আঁত ধৰা সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ উপেন্দ্ৰজিৎ শৰ্মা। সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ‘‘আকৌ যদি যাব লাগে শৰাইঘাটলৈ’’ শীৰ্ষক কালজয়ী গীতৰ কলিৰে আৰম্ভ কৰি মহাবীৰ লাচিতৰ কৰ্মজীৱন আৰু সমসাময়িক আহোম বুৰঞ্জীৰ ওপৰত দিয়া ড৹ শৰ্মাৰ মনোজ্ঞ ভাষণে উপস্থিত সকলোকে মুগ্ধ কৰে। আনহাতে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ উপদেষ্টা উদয়ন চক্ৰৱৰ্তীয়ে বহু বছৰৰ পৰাই সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ উদ্যোগত ‘‘লাচিত দিৱস’’ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হৈ অহা ‘‘দেশভক্তি সমাৰোহ’’ৰ তাৎপৰ্য্যপূৰ্ণ ব্যাখ্যা কৰে। অন্তত সংগঠনটোৰ ধুবুৰী নগৰ কমিটিৰ সাধাৰণ সম্পাদক বিপুল প্ৰসাদৰ শলাগৰ শৰাইৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সংগঠনটোৰ আজিৰ ‘‘দেশভক্তি সমাৰোহ’’ কাৰ্য্যসূচীৰ সমাপ্তি ঘটে। আজিৰ এই কাৰ্য্যসূচীত কণকণ স্কুলীয়া ছাত্ৰ–ছাত্ৰী, স্থানীয় বিশিষ্ট ব্যক্তিকে ধৰি সংগঠনটোৰ ধুবুৰী জিলাৰ আইন প্ৰমূখ অশোক পাল, ধুবুৰী নগৰ কমিটিৰ প্ৰভাৰী প্ৰণতি ৰায় সৰকাৰ প্ৰমুখ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।