টীয়ক ২৪ নবেম্বৰঃমেঘালয়ৰ বনদস্যু আৰু অসমৰ বন কৰ্মীৰ মাজত হোৱা সংঘৰ্ষক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে। অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই নিজ স্বাৰ্থ পূৰণ কৰাৰ নিমিত্তে মেঘালয় চৰকাৰৰ ওচৰত আঁঠু লোৱাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে। উল্লেখযোগ্য যে যি সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মেঘালয়ৰ জনতাৰ পক্ষত থাকি সম্পূৰ্ণ বিষয়টোক সু-মীমাংসাৰ চিন্তা কৰিছে সেই একেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে সাধাৰণ পৌৰ নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনৰ হৈ দিল্লীত নিজৰ গৌৰৱ জাহিৰ কৰাত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অজাপৰ নেতাজনে। ইয়াৰ লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী জনে মেঘালয়ৰ বনদস্যুৰ লগত থাকি তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে অসমৰ বন বিভাগৰ কেইবাজনো বিষয়াক নিলম্বন তথা বদলি কৰাৰ বিষয়টোক তীব্ৰ ভাষাৰে গৰিহণা দিছে। লগতে অসম-মেঘালয়ৰ সীমাৰ ক্ষেত্ৰত হোৱা সমস্যা তথা অনিশ্চয়তাৰ ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।