গুৱাহাটী,২৯ নৱেম্বৰঃ মহানগৰীৰ ভেটাপাৰাত অঘটন। ৰহস্যজনকভাৱে অট্টালিকাৰ পৰা পৰি এগৰাকী বৃদ্ধাই মৃত্যুক সাৱটি লয়। ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ “ASHA NEER” নামে গৃহ নম্বৰ ৫৮ত থকা ৰাজকুমাৰী বান নামৰ বৃদ্ধাগৰাকী তলত পৰি যায় আৰু থিতাতে মৃত্যুমুখত পৰে।
বৃদ্ধাগৰাকী পুত্ৰ-বোৱাৰীৰ লগত আছিল উক্ত ঘৰটোত। মাত্ৰ তিনি দিন পূৰ্বে ৰাজস্থানৰ পৰা পুত্ৰ-বোৱাৰীয়েকৰ ঘৰলৈ বুলি আহিছিল বৃদ্ধাগৰাকী। ৰাজস্থানৰ বাসিন্দা মহিলাগৰাকীৰ মৃত্যুদেহ উদ্ধাৰ কৰি বশিষ্ঠ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
