বিলাসীপাৰা,৩০ নৱেম্বৰঃ অসম বিধান সভাৰ বিশেষ প্ৰতিনিধি দল এটা আজি বিলাসীপাৰাত উপস্থিত হয়। প্ৰতিনিধি দলটো বিলাসীপাৰাৰ উদমাৰীত অৱস্থিত মা কামাখ্যা মন্দিৰত উপস্থিত হৈ স্থানীয় লোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। উজনি অসম আৰু মধ্য অসমৰ চাৰিজনীয়া বিধায়কৰ দলটোৱে সংবাদ মাধ্যমৰ আগত কয় যে ধুবুৰীত হিন্দু-মুছলমানৰ মাজত ভাতৃত্ব ভাৱৰ কোনো অভাৱ নাই যদিও ধৰ্মীয় সংখ্যালঘূ বিশেষকৈ চৰাঞ্চলত বাল্য বিবাহ, বহু বিবাহ আৰু জনসংখ্যাৰ বৃদ্ধিৰ সমস্যা উদ্বেগজনক ভাৱে বৃদ্ধি হৈছে। প্ৰতিনিধি দলটোত শদিয়াৰ বিধায়ক বলীন চেতিয়া, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম উপস্থিত আছিল।