গুৱাহাটী,২ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীত উদ্ধাৰ হৈছে মাতৃ-কন্যাৰ মৃতদেহ। এটা কোঠাৰ পৰা উদ্ধাৰ দুয়োটা মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম নাজমা ওৰফে মাইনু চুলতানা বুলি জানিব পৰা গৈছে। আনহাতে উদ্ধাৰ হৈছে ৭ বছৰীয়া কন্যা শিশুৰ মৃতদেহ। ঘটনা স্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আত্মহত্যা নে হত্যা সেয়া নিশ্চিত কৰিব পৰা নাই। ইফালে স্বামী আজাদ আলীয়ে ইয়াক আত্মহত্যাৰ ঘটনা বুলি দাবী কৰিছে যদিও সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত আছে। চিপজৰী লৈ আত্মহত্যা কৰা বুলি স্বামীয়ে দাবী কৰিছে যদিও আৰক্ষী অহাৰ পূৰ্বেই মৃতদেহ দুটা নমাই অনা হৈছে। উল্লেখ যে গৰৈমাৰীৰ বাসিন্দা আজাদ আলী পেচাত এজন ৰাজমিস্ত্রী। পত্নী আৰু কন্যাৰ সৈতে তেওঁ হাতীগাঁৱৰ সিজুবাৰী ভাৰতীয়া হিচাপে আছিল। ইফালে মৃত্যুৰ পূৰ্বে মহিলাগৰাকীয়ে এটা ভিডিঅ’ বনাইছিল বুলি জানিব পৰা গৈছে। ভিডিঅ’ত মহিলাগৰাকীয়ে উল্লেখ কৰা যে জীয়াই থাকোঁতে শান্তি নাপালোঁ, মৰাৰ পিছত যাতে শান্তি পাওঁ তাৰ বাবে দোৱা কৰিব। মহিলাগৰাকী স্বামীৰ দ্বাৰা শাৰীৰিক তথা মানসিক অত্যাচাৰৰ বলি হৈছিল বুলি ভিডিঅ’টোত উল্লেখ কৰা হৈছে। প্ৰায়েই মাৰ ধৰ কৰিছিল স্বামীয়ে। নিশা পত্নী-কন্যাক ঘৰতে থৈ ঘূৰি ফুৰিছিল স্বামী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে আটক কৰি থানলৈ নিয়ে স্বামী আজাদ আলীক।