অভয়াপুৰী, ১০ ডিচেম্বৰ :ইউনিফৰ্ম পৰিধান নকৰাৰ অপৰাধত চন্দ্ৰ নামৰ এজন শিক্ষকে প্ৰহাৰ কৰে কণমানি ছাত্ৰক । শিক্ষক জনে ইউনিফৰ্ম পৰিধান নকৰা সন্দৰ্ভত কণমানি ছাত্ৰক প্ৰশ্ন সোধাত ছাত্ৰজনে ইউনিফৰ্মযোৰ মায়ে ধুই দিয়া বুলি মন্তব্য কৰিছিল শিক্ষকজনৰ ওচৰত ।আৰু তাৰপাছতেই শিক্ষকজনে কণমানি ছাত্ৰজনক গুৰুতৰ ভাবে প্ৰহাৰ কৰে । স্থানীয় ৰাইজে বিষয়টো প্ৰত্যক্ষ কৰাত শিক্ষক জনক জবাবদিহি কৰে । অভিযুক্ত চন্দ্ৰ নামৰ শিক্ষক জন বামুণগাওঁ ৭৪৪ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুলি স্থানীয় ৰাইজে জনায়। শিক্ষকজনৰ বিৰুদ্ধে পূৰ্বতেও বিভিন্ন অভিযোগ উত্থাপিত হৈছিল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । স্থানীয় ৰাইজে এই সন্দৰ্ভত উচিত শাস্তিৰ দাবী জনায় সংবাদ মাধ্যমৰ আগত । বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে সময়ত হব উল্লেখনীয়।