তিনিচুকীয়া ১০ ডিচেম্বৰঃ তিনিচুকীয়াত আজি আৰক্ষীয়ে উদ্ধাৰ কৰে – বৃহৎ পৰিমাণৰ ড্ৰাগছ ।ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ অহা পূজা নামৰ বাছখনত কাপোৰৰ বস্তাৰ ভিতৰত কৌশলেৰে ড্ৰাগছসমূহ লুকুৱাই অনা হৈছিল । টি এচ আই ভাস্কৰৰাজ বৰুৱাই এক বিশ্বস্ত সূত্ৰে পূজা নামৰ বাছখনত ড্ৰাগছ অনা খবৰ লাভ কৰি নিশাৰ পৰাই তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰা , সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই প্ৰমুখ্যে আৰক্ষীৰ এটি দলসহ বাছখন তলাচী চলাবলৈ ৰৈ আছিল । শনিবাৰে পুৱা প্ৰায় পাঁচমান বজাত বাছখন তিনিচুকীয়াৰ এ এচ টি চি বাচ আস্থানৰ সমীপত ৰয় । লগে লগে আৰক্ষীয়ে তালাচী চলায় ।আৰু কাপোৰৰ বস্তাৰ মাজত বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ হয় । উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰাই জনোৱা মতে ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাত ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা নাছিল । উদ্ধাৰ হোৱা ড্ৰাগছখিনি বজাৰ মূল্য ৩০ লাখৰো অধিক হ’ব বুলি জানিবলৈ দিয়ে -। ফলপ্ৰসূ তদন্তৰ খাতিৰত ড্ৰাগছ সৰবৰাহৰ সতে কোন কোন জড়িত হৈ আছে এই বিষয়ে আৰক্ষী সবিশেষ তথ্য সদৰি কৰা পৰা বিৰত থাকে।