গুৱাহাটী,১৩ ডিচেম্বৰঃ গুৰু ৰবিশংকৰৰ উপস্থিতিত কাজিৰঙাৰ অনুষ্ঠিত হৈ যোৱা “চিন্তন শিৱিৰত” গুৰু ৰবিশংকৰে “Art of Living” কাৰ্যসূচীৰ অধীনত ৰাজ্যত সৌৰশক্তি চালিত লাইট বিতৰণৰ এক প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই আজি পাহাৰীয়া জিলা ক্ৰমে ডিমা হাচাও আৰু কাৰ্বি আংলঙলৈ ২০০০ সৌৰ চালিত লাইট আনুষ্ঠানিক ভাৱে প্ৰেৰণ কৰা হয়। এই উপলক্ষ্যে জনতা ভৱনত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্রী আৰু চৰকাৰী বিষয়া।