গুৱাহাটী,১৪ ডিচেম্বৰঃ মহানগৰীত পুনৰ জব্দ হ’ল প্ৰায় ১৪.১ কোটি টকাৰ ড্ৰাগছ। আৰক্ষীয়ে ৫০ হাজাৰ য়াবা টেবলেট আৰু ২০০ গ্ৰাম হিৰোইন জব্দ কৰে। মণিপুৰৰ পৰা অহা MN 03 C 0037 নম্বৰৰ এখন এম্বুলেন্স বাহনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ আৰু এডিচিপি কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান। ড্ৰাগছ সৰবৰাহকাৰী মিৰাজুল ইছলাম নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।