গুৱাহাটী,১৫ ডিচেম্বৰঃ বিশিষ্ট চিন্তাবিদ, সাহিত্যিক ড০ শিৱনাথ বৰ্মন আৰু নাই। বিগত কিছুদিন ধৰি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী। চিকিৎসালয়খনৰ ভেণ্টিলেটৰতে থকা চিন্তাবিদগৰাকী সংজ্ঞাহী হৈ আছিল যদিও বিগত সোমবাৰে তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতিৰ লক্ষ্যণ দেখা দিছিল। নেমকেয়াৰৰ ৫ জনীয়া বিশেষজ্ঞ চিকিৎসকৰ দৰে চিকিৎসা আগবঢ়াই আছিল। দীৰ্ঘদিনে কিডনীজনিত ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট চিন্তাবিদ গৰাকীয়ে অৱশেষত আজি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা চিন্তাবিদ গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।