লখিমপুৰ ২২ ডিচেম্বৰ ঃ লখিমপুৰ জিলাৰ বগলীজানত এতিয়া গ্ৰামোন্নয়নৰ নামত চূড়ান্ত প্ৰহসন চলিছে৷ বগলীজান গাঁও পঞ্চায়তৰ জৰিয়তে পঞ্চদশ বিত্তিয় আয়োগৰ ধনেৰে নিৰ্মিত এটি বিদ্যালয় গৃহ নিৰ্মাণৰ বেলিকা এনে প্ৰহসনৰ সৃষ্টি হৈছে৷ এক প্ৰকাৰে উক্ত পঞ্চায়তখনত এতিয়া চৰকাৰী ধনৰ ব্যাপক অপচয় ঘটিছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি ২০১৩ বৰ্ষত প্ৰাদেশীকিকৰণ হোৱা উত্তৰ ৰঙানদী জনজাতি মধ্য ইংৰাজী বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে বগলীজান গাঁও পঞ্চায়তে ৫ লাখ ৫০ হাজাৰ টকা আৱন্তন দিছিল৷ এই ধনৰ অনুপাতে বিদ্যালয়খন নিৰ্মাণ নোহোৱাৰ লগতে এতিয়া এই বিদ্যালয়খন আধৰুৱা কৰি ৰাখিছে৷ আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক অৰুণ শইকীয়াই দুখেৰে ব্যক্ত কৰে যে বহু দুখ কষ্টৰ মাজেৰে এই বিদ্যালয়খন চলাই অহাৰ পিছত চলিত বৰ্ষত পঞ্চায়তখনে গৃহ নিৰ্মাণৰ বাবে ৫ লাখ ৫০ হাজাৰ টকা পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ধনৰ আৱন্তন দিছিল যদিও পঞ্চায়তৰ কৰ্মকৰ্তাসকলে বিদ্যালয়খন ভালদৰে নিৰ্মাণত গাফিলতি কৰি আহিছে৷ অতি নিম্ন মানেৰে বিদ্যালয়খন নিৰ্মাণ কৰি আধৰুৱা কৰি ৰখা বুলি পঞ্চায়তখনৰ বিৰুদ্ধে প্ৰধান শিক্ষকজনে অভিযোগ কৰে৷ প্ৰকৃতাৰ্থত বিদ্যালয়খন পৰিচালনা সমিতিয়ে নিৰ্মাণ কৰিব লাগিছিল যদিও পঞ্চায়ত কৰ্মীয়ে তেওঁলোকৰ লাভা লাভৰ বাবে এই বিদ্যালয়খন এজন লোকক ঠিকাদাৰী প্ৰথাৰে নিৰ্মাণ কৰিবলৈ দিয়াৰ ফলতে এতিয়া এই বিদ্যালয়খন আধৰুৱা হৈ ৰল বুলি আক্ষেপ প্ৰকাশ কৰে৷ ইফালে পঞ্চায়তখনৰ সচিব ব্ৰজেন শৰ্মাৰ পৰা বিদ্যালয়খনৰ আধৰুৱা নিৰ্মাণ কাৰ্য আৰু নিম্ন মানেৰে নিৰ্মাণ সন্দৰ্ভত জানিব বিছৰাত তেওঁৰ পৰা কোনো সুদুত্তৰ পোৱা নগল৷ উক্ত বিদ্যালয়খনৰ বিপৰীতে আৱKI×ন হোৱা ধনৰ সদ ব্যৱহাৰ নোহোৱাৰ লগতে বিদ্যালয়খন নিৰ্মাণৰ বাবে সামান্য পৰিমাণৰ ধন হে খৰচ কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে৷
