লখিমপুৰ, :৩ জানুৱাৰী:লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ভোগপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে ধেমাজীৰ এগৰাকী শৰীৰ চৰ্চা বিদ নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই ধেমাজী জিলাত শোকৰ ছাঁ পৰিছে ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা প্ৰায় চাৰি বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্ যে ,ধেমাজিৰ পৰা গুৱাহাটী আহি থকা AS 22 G 7525 নম্বৰৰ বাহন খনে পুৱা ঘন কুঁৱলীৰ বাবে ভোগপুৰ অভাৰব্ৰীজৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত। দুৰ্ঘটনাৰ ফলত ধেমাজিৰ নগৰৰ শৰীৰ চৰ্চাবীদ সিদ্ধাৰ্থ বৰগোহাঁই নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়। লগতে থকা পুলকেশ গগৈ নামৰ যুৱকজন গুৰতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। ঘটনা স্থলিত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ আৰু দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন নাৰায়ণপুৰ আৰক্ষী থানালৈ লৈ আহে।