গুৱাহাটী,৩ জানুৱাৰীঃ বিগত ২০২২ বৰ্ষত চোৰাং চিকাৰীৰ হাতত এটাও গঁড়ৰ মৃত্যু হোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক টুইটৰ পাছতে গঁড়ক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত সক্ৰিয়তাৰে জড়িত হৈ থকা অসমৰ সকলোকে শলাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ যে কাজিৰঙাৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত। সেইবাবে কাজিৰঙাৰ গঁড় হত্যাৰ ঘটনাও বিশেষভাৱে চৰ্চাত থাকে। চোৰাং চিকাৰীয়ে প্ৰায় প্ৰত্যেক বছৰেই এশিঙীয়া গড় হত্যা কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল। কিন্তু ভাল খবৰ যে সদ্যসমাপ্ত ২০২২ বৰ্ষত কাজিৰঙাত এটাও গড় হত্যা কৰিব নোৱাৰিলে চোৰাং চিকাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়ৰ চোৰাং চিকাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিল। তাৰেই ফলশ্ৰুতিত ৰাষ্ট্ৰীয় উদ্যানখনত গড় হত্যাৰ ৰোধ হ’ল। উল্লেখ যে ২০০১ বৰ্ষত কাজিৰঙাত ৮টা গড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হৈছিল। সেইদৰে ২০০২ বৰ্ষত ৪টা, ২০০৩ বৰ্ষত ৩টা, ২০০৪ বৰ্ষত ৪টা, ২০০৫ত ৭টা, ২০০৬ত ৫টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল। তদুপৰি ২০০৭ বৰ্ষত ১৬টা কৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল যদিও তেতিয়াৰ কংগ্ৰেছ চৰকাৰ এই গড় হত্যা প্ৰতিৰোধ কৰাত বিফল হৈছিল। ২০০৮ বৰ্ষত ৬টা, ২০০৯ বৰ্ষত ৬ টা, ২০১০ বৰ্ষত ৫টা, ২০১১ বৰ্ষত ৩টা, ২০১২ বৰ্ষত ১১টা গড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিছিল। আনহাতে ২০১৩ বৰ্ষত ২৭ টা, ২০১৪ বৰ্ষত ২৭টা, ২০১৫ বৰ্ষত ১৭টা, ২০১৬ বৰ্ষত ১৮টা, ২০১৭ বৰ্ষত ৬টা গড় কাজিৰঙাত হত্যা কৰিছিল চোৰাং চিকাৰীয়ে। দিছপুৰত বিজেপি শাসনলৈ অহাৰ পাছতেই কাজিৰঙাৰ এই বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছিল। ইয়াৰ পাছতো ২০১৮ বৰ্ষত ৬টা, ২০১৯ বৰ্ষত ৩টা, ২০২০ বৰ্ষত ২ টা, ২০২১ত ১টা গড় কাজিৰঙাত চোৰাং চিকাৰীয়ে হত্যা কৰিছিল। কিন্তু ২০২২ বৰ্ষত এটাও গড় চোৰাং চিকাৰীয়ে হত্যা কৰিব নোৱাৰিলে। নিসন্দেহে এয়া ৰাজ্যবাসী আৰু প্ৰকৃতি প্ৰেমীৰ বাবে সুখবৰ। এই খবৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰাৰ পাছতেই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অভিনন্দন জ্ঞাপন কৰে।