গোসাইগাও,৪ জানুৱাৰী:- ৰাজ্যত অৰুণোদয় আঁচনিৰ আবেদন চলি আছে। হিতাধিকাৰীসকলে এই আচনিত আবেদনৰ বাবে ভাওৰাগুৰী ভিচিডিচিয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।ভিচিডিচিটোৰ কাৰ্যালয়ৰ লগতে ভিচিডিচিখনৰ অন্তৰ্গত প্ৰতিটো গাঁৱত শিৱিৰ পাতি মুকলি ভাৱে হিতাধিকাৰীসকলক আবেদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।ভিচিডিচিখনৰ অধ্যক্ষ পাৰ্থ পালে কয় যে এই আঁচনিটো ৰূপায়ন ক্ষেত্ৰত যাতে কোনে ধৰণৰ দুৰ্নীতি নহয় আৰু সচ্ছতাৰে প্ৰকৃত হিতাধীকাৰি সকলে যাতে এই আঁচনিৰ ফল লাভ কৰিব পাৰে তাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।মুকলি ভাৱে আবেদন কৰাৰ ব্যৱস্থা কৰাত অযোগ্য বা ধনীলোকসকলে এনেদৰে মুকলিভাৱে আবেদন কৰাত লাজ পাব আৰু লাজৰ ভয়ত তেওঁলোকে আবেদন নকৰিব বুলিও অধ্যক্ষগৰাকীয়ে ব্যক্ত কৰে।এই আঁচনিটোকলৈ বহু সময়ত দুৰ্নীতিৰ লগতে হিতাধীকাৰি সকলৰ পৰা ধন লোৱাৰ আভিযোগৰ বাতৰি পোৱা যায়।কিন্তু তেনেসময়ত ভিচিডিচিটোৰ অধক্ষ্য পাৰ্থ পালৰ নেতৃত্বত লোৱা এই বিশেষ পদক্ষেপৰ বাবে জন দৰদী অধ্যক্ষগৰাকীৰ শলাগ লৈছে সচেতন মহলে।l
